NHK Radio Japan Facebook Fan Page

NHK Radio Japan Facebook Fan Page
Join the Facebook Fan page of Radio Japan Bengali service.

Sunday, May 20, 2018

১৯ মে আৰু বৰাকত বাংলা ভাষাৰ প্ৰাসংগিকতা

বৰাক উপত্যকাৰ ইতিহাস পাঠ কৰিলে জনা যায় যে এই অঞ্চলটোত যুগ যুগ ধৰি বাংলাভাষী লোকৰেই আধিপত্য বা কব পাৰি বাঙালী সকলেই এই উপত্যকাৰ আদি বাসিন্দা। বৰাকত বাংলা ভাষাই প্ৰাধান্য পোৱাৰ আৰু এটা কাৰণ হ'ল অঞ্চলটোৰ ভৌগোলিক অৱস্থান। মানচিত্ৰত ভালকৈ চালেই দেখা যায় যে অঞ্চলটো ঘাইকৈ বাঙালী প্ৰধান অঞ্চল যেনে বাংলাদেশ আৰু ত্ৰিপুৰা দ্বাৰা পৰিবেষ্টিত। অধুনালুপ্ত ডিমাছা ৰাজ্য, মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ বিভিন্ন জনগোষ্টীয় ভাষা আৰু সংস্কৃতিৰো প্ৰভাৱ ইয়াৰ জনজীৱনত পৰিছে যদিয়ো এই উপত্যকাৰ সমাজ জীৱনত বাংলা ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱেই আটাইতকৈ বেছি। ভাষা সংস্কৃতিৰ তফাত থাকিলেও বৰাক উপত্যকা বৃহত্তৰ অসমৰে অবিচ্ছেদ্য অংগ আৰু আজি আগৰ তুলনাত উপত্যকাত অসমীয়া ভাষাৰ প্ৰচলন আৰু ব্যৱহাৰ বহু গুণে বৃদ্ধি পাইছে। এই কথা বৰাক ভ্ৰমণ কৰা যিকোনো ব্যক্তিয়েই স্বীকাৰ কৰিব। যিকোনো জাতি, জনগোষ্ঠীৰ আটাইতকৈ গৌৰৱৰ পৰিচয়টো হ'ল নিজৰ মাতৃভাষাৰ পৰিচয়। পৃথিৱীৰ ইতিহাসৰ পাতে পাতে এনে অসংখ্য দৃষ্টান্ত পোৱা যায় যেতিয়া কোনোবা এটা জাতি বা জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাৰ ঐতিহ্য আৰু অস্তিত্ব ৰক্ষাৰ খাতিৰত সংগ্ৰাম আৰু যুদ্ধলৈকে কৰিবলগীয়া হৈছে। অসমৰে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা ৰক্ষাৰ খাতিৰত আমি ঐতিহাসিক অসম আন্দোলনৰ দৰে সংগ্ৰাম কৰিবলগীয়া হৈছিল। আনহাতে যিদৰে আজি আকৌ কেন্দ্ৰ চৰকাৰৰ প্ৰস্তাৱিত 'নাগৰিকত্ব সংশোধনী বিধেয়ক'ৰ বাবে উপত্যকাত উদ্ভৱ হোৱা অসমীয়া ভাষাৰ অস্তিত্ব সংকটত পৰাৰ আশংকাই আমাৰ নিদ্ৰাহৰণ কৰিছে, ঠিক তেনেদৰেই ১৯৬১ চনত বৰাকবাসীৰ মনত তেওঁলোকৰ মৰমৰ বাংলা ভাষাৰ অস্তিত্ব আৰু ভৱিষ্যতক লৈ সংশয়ৰ সৃষ্টি হৈছিল। এই সংশয়ৰে বহিঃপ্ৰকাশ ৬১ৰ ভাষা আন্দোলনৰ জৰিয়তে হৈছিল যিয়ে বৰাক ভূমিক দি গৈছিল এক তেজাল কিন্তু গৌৰৱময় ইতিহাস। ১০ অক্টোবৰ ১৯৬০ চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেবে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে বিধেয়ক এখন বিধানসভাত উপস্থাপন কৰে। সেই সময়ত উত্তৰ কৰিমগঞ্জৰ বিধায়ক ৰনেন্দ্ৰ মোহন দাসে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছিল কিয়নো বাঙালী অধ্যুষিত বৰাকত যুগ যুগ ধৰি বাংলা ভাষাই সকলো অফিচ-আদালতত ব্যৱহাৰ হৈ আহিছিল। এতিয়া হঠাতে অসমীয়া ভাষাৰ ব্যৱহাৰে অঞ্চলটোৰ ৰাইজক বহুতো সমস্যাত পেলাব পাৰে তথা বাংলা ভাষা আৰু ভাষীৰ অস্তিত্বয়ো সংকটত পৰিব পাৰে। কিন্তু দাসৰ বিৰোধিতা নৰজিল আৰু ২৪ অক্টোবৰত বিধেয়কখন বিধানসভাত গৃহীত হয়। অসমৰে অংগ হিচাপে বৰাক উপত্যকাতো ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। কিন্তু তেতিয়াই বৰাকৰ বাঙালী সকলে তেওঁলোকৰ ওপৰত অসমীয়া ভাষাটোক জাপি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে আৰু এই উদ্দেশ্যে ১৯৬১ চনৰে ৫ ফেব্ৰুৱাৰী দিনটোত 'কাছাৰ গণ সংগ্ৰাম পৰিসদ' নামৰ এটা সংগঠন গঠন কৰে। এই সংগঠনৰ নেতৃত্বতেই গোটেই বৰাক উপত্যকা সামৰি এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু আন্দোলন গঢ়ি উঠে। উপত্যকাৰ বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মচাৰী, ব্যৱসায়ী, কৃষক তথা সমাজৰ সকলো স্তৰৰ মানুহ এই আন্দোলনত জঁপিয়াই পৰে। কা: গ: স: প:ৰ আহ্বানত ১৯৬১ চনৰ ১৯ মে'ত গোটেই বৰাক উপত্যকাত হৰতাল আৰু পিকেটিং আৰম্ভ হয়। ইয়াৰে অংশ হিচাপে শিলচৰ ৰেল ষ্টেচনত সেই দিনটোৰ পুৱাৰে পৰা হেজাৰ হেজাৰ পিকেটিংকাৰী একত্ৰিত হবলৈ আৰম্ভ কৰে। চহৰৰ আন কোনোবা ঠাইত পুৱাৰে পৰা শান্তিপূৰ্ণ ভাবে আন্দোলন কৰি থকা কেইজনমান সত্যাগ্ৰহীক পুলিচে গ্ৰেপ্তাৰ কৰি তাৰপুৰস্থ এই ৰেল ষ্টেচনৰ সন্মুখেদি এখন ট্ৰাকত উঠাই লৈ যোৱা দেখি ষ্টেচনত থকা আন্দোলনকাৰী সকল ক্ষোভত জ্বলি উঠে আৰু এই ক্ষোভে কিছু উগ্ৰৰূপ ধাৰণ কৰে । তেওঁলোকে প্ৰথমে ট্ৰাকত আক্ৰমণ চলায় আৰু ট্ৰাকখনত অগ্নি সংযোগ কৰি দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱা দেখি আৰক্ষীয়ে নিৰস্ত্ৰ আন্দোলনকাৰী সকলৰ ওপৰত জঁপিয়াই পৰে, লাঠী চালনা কৰে আৰু সৰ্বশেষত নিৰ্বিচাৰ গুলীবর্ষণ কৰে। এই ঘটনাত অতিকৈ দুখজনক ভাবে ১১ গৰাকী নিৰপৰাধী আন্দোলনকাৰীয়ে মাতৃভাষাৰ অহংকাৰ আৰু মর্যাদা ৰক্ষাৰ খাতিৰত প্ৰাণ আহুতি দি শ্বহীদত্ব বৰণ কৰে। কানাইলাল নিয়োগি, চন্দীচৰণ সূত্ৰধৰ, হিতেশ বিশ্বাস, সত্যেন্দ্ৰ দেৱ, কুমুদ ৰঞ্জন দাস, সুনিল সৰকাৰ, শচীন্দ্ৰ চন্দ্ৰ পাল, বিৰেন্দ্ৰ সূত্ৰ্ধৰ, সুকমল পুৰকায়স্থ, কমলা ভট্টচাৰ্য্য আৰু তৰণি দেৱনাথ, সমাজৰ সাধাৰণ নাগৰিক কিন্তু নিজ মাতৃভাষাক অত্যধিক ভাবে ভালপোৱা এই ১১ গৰাকীয়ে চিৰকালৰ বাবে কায়িক ভাবে পৃথিৱী এৰি গৈছিল যদিয়ো তেওঁলোকে বৰাকবাসীক নিজৰ আইৰ ভাষাক লৈ গৰ্ব কৰাৰ বহুতো কাৰণ আৰু সুযোগ দি গৈছিল। এই ঘটনাৰ পাছতে অসম চৰকাৰে বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়। যি ১১ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত এই ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল তেওঁলোকৰে স্মৃতিত শিলচৰ ষ্টেচনক 'ভাষা শ্বহীদ ষ্টেচন' নামেৰে নামকৰণ কৰা হয়। আজি প্ৰত্যেক বছৰে এই ১৯ মে'ৰ দিনটো সমগ্ৰ বৰাক উপত্যকাৰ লগতে ভাৰতৰ অন্যান্য বাংলাভাষী ৰাজ্য আৰু অঞ্চলত 'ভাষা শ্বহীদ দিৱস' হিচাপে পালন কৰা হয়।
কিন্তু দুখৰ কথা আজি ব্রহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাকতো ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণৰ বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। গাঁওৰ বিদ্যালয়বোৰ বাদ দিলেতো চহৰীয়া বাংলা মাধ্যমৰ স্কুল বিলাকৰ অৱস্থা তথৈবচ! ১১ ভাষা শ্বহীদৰ বলিদানে গৌৰৱোজ্জ্বল কৰি যোৱা বাংলা ভাষাৰ অস্তিতয়ো আজি তাত সংশয়ৰ গৰাহঁত। তথাপি এচাম ভাষা প্ৰেমীয়ে দিনে ৰাতিয়ে উপত্যকাত বাংলা ভাষা আৰু সাহিত্যক জীয়াই ৰাখিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে। এতিয়া ভাৱকচোন বৰাকবাসীয়েই বা কেনেকৈ নিজৰ গৌৰৱ, নিজৰ সন্মান, নিজৰ আইৰ মুখৰ ভাষাক এৰি আন কোনো ভাষা গ্ৰহণ কৰিব পাৰে! মোৰ বোধেৰে আমি সকলো ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিজ নিজ মাতৃভাষাৰ প্ৰতি দ্বায়বদ্ধ থকাটোৱেই আজিৰ দিনত সকলোৰে বাবে মঙ্গলময়। (ব্যক্তিগত ভাবে মই বৰাকত 'চিলেটি ভাষী' সকল সংখ্যা গৰিষ্ঠ বুলি কম, কিয়নো মই দেখাত তাত সৰহ সংখ্যক মানুহেই চিলেটিত কথা পাতে। আনহাতে চিলেটি ভাষাটো কোনো ভাষাৰেই উপভাষা নহয় আৰু এই ভাষাৰ সৈতে বাংলা আৰু অসমীয়া দুই ভাষাৰে মিল দেখা পোৱা যায়। আনহাতে চিলেটি ভাষাটোক ইতিমধ্যে ইউনেস্কোয়ে ইউনিকোড প্ৰদান কৰি এটা পৃথক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। কিন্তু সামগ্ৰিক ভাৱে বৰাকৰ চিলেটি সকলে বাংলা ভাষাটোকে প্ৰধান ভাষা হিচাপে গ্ৰহণ কৰি নিজকে প্ৰথমে 'বাঙালী' বুলি পৰিচয় দি ভাল পায়। মোৰ দৰে মাতৃভাষা চিলেটি বুলি কোৱা লোক হয়তো খুব কম ওলাব!!😢) 🖋 পৃথ্বীৰাজ পুৰকায়স্থ (ফটো সৌজন্য- গুগল)

No comments: