NHK Radio Japan Facebook Fan Page

NHK Radio Japan Facebook Fan Page
Join the Facebook Fan page of Radio Japan Bengali service.

Sunday, May 20, 2018

১৯ মে আৰু বৰাকত বাংলা ভাষাৰ প্ৰাসংগিকতা

বৰাক উপত্যকাৰ ইতিহাস পাঠ কৰিলে জনা যায় যে এই অঞ্চলটোত যুগ যুগ ধৰি বাংলাভাষী লোকৰেই আধিপত্য বা কব পাৰি বাঙালী সকলেই এই উপত্যকাৰ আদি বাসিন্দা। বৰাকত বাংলা ভাষাই প্ৰাধান্য পোৱাৰ আৰু এটা কাৰণ হ'ল অঞ্চলটোৰ ভৌগোলিক অৱস্থান। মানচিত্ৰত ভালকৈ চালেই দেখা যায় যে অঞ্চলটো ঘাইকৈ বাঙালী প্ৰধান অঞ্চল যেনে বাংলাদেশ আৰু ত্ৰিপুৰা দ্বাৰা পৰিবেষ্টিত। অধুনালুপ্ত ডিমাছা ৰাজ্য, মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ বিভিন্ন জনগোষ্টীয় ভাষা আৰু সংস্কৃতিৰো প্ৰভাৱ ইয়াৰ জনজীৱনত পৰিছে যদিয়ো এই উপত্যকাৰ সমাজ জীৱনত বাংলা ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱেই আটাইতকৈ বেছি। ভাষা সংস্কৃতিৰ তফাত থাকিলেও বৰাক উপত্যকা বৃহত্তৰ অসমৰে অবিচ্ছেদ্য অংগ আৰু আজি আগৰ তুলনাত উপত্যকাত অসমীয়া ভাষাৰ প্ৰচলন আৰু ব্যৱহাৰ বহু গুণে বৃদ্ধি পাইছে। এই কথা বৰাক ভ্ৰমণ কৰা যিকোনো ব্যক্তিয়েই স্বীকাৰ কৰিব। যিকোনো জাতি, জনগোষ্ঠীৰ আটাইতকৈ গৌৰৱৰ পৰিচয়টো হ'ল নিজৰ মাতৃভাষাৰ পৰিচয়। পৃথিৱীৰ ইতিহাসৰ পাতে পাতে এনে অসংখ্য দৃষ্টান্ত পোৱা যায় যেতিয়া কোনোবা এটা জাতি বা জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাৰ ঐতিহ্য আৰু অস্তিত্ব ৰক্ষাৰ খাতিৰত সংগ্ৰাম আৰু যুদ্ধলৈকে কৰিবলগীয়া হৈছে। অসমৰে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা ৰক্ষাৰ খাতিৰত আমি ঐতিহাসিক অসম আন্দোলনৰ দৰে সংগ্ৰাম কৰিবলগীয়া হৈছিল। আনহাতে যিদৰে আজি আকৌ কেন্দ্ৰ চৰকাৰৰ প্ৰস্তাৱিত 'নাগৰিকত্ব সংশোধনী বিধেয়ক'ৰ বাবে উপত্যকাত উদ্ভৱ হোৱা অসমীয়া ভাষাৰ অস্তিত্ব সংকটত পৰাৰ আশংকাই আমাৰ নিদ্ৰাহৰণ কৰিছে, ঠিক তেনেদৰেই ১৯৬১ চনত বৰাকবাসীৰ মনত তেওঁলোকৰ মৰমৰ বাংলা ভাষাৰ অস্তিত্ব আৰু ভৱিষ্যতক লৈ সংশয়ৰ সৃষ্টি হৈছিল। এই সংশয়ৰে বহিঃপ্ৰকাশ ৬১ৰ ভাষা আন্দোলনৰ জৰিয়তে হৈছিল যিয়ে বৰাক ভূমিক দি গৈছিল এক তেজাল কিন্তু গৌৰৱময় ইতিহাস। ১০ অক্টোবৰ ১৯৬০ চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেবে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে বিধেয়ক এখন বিধানসভাত উপস্থাপন কৰে। সেই সময়ত উত্তৰ কৰিমগঞ্জৰ বিধায়ক ৰনেন্দ্ৰ মোহন দাসে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছিল কিয়নো বাঙালী অধ্যুষিত বৰাকত যুগ যুগ ধৰি বাংলা ভাষাই সকলো অফিচ-আদালতত ব্যৱহাৰ হৈ আহিছিল। এতিয়া হঠাতে অসমীয়া ভাষাৰ ব্যৱহাৰে অঞ্চলটোৰ ৰাইজক বহুতো সমস্যাত পেলাব পাৰে তথা বাংলা ভাষা আৰু ভাষীৰ অস্তিত্বয়ো সংকটত পৰিব পাৰে। কিন্তু দাসৰ বিৰোধিতা নৰজিল আৰু ২৪ অক্টোবৰত বিধেয়কখন বিধানসভাত গৃহীত হয়। অসমৰে অংগ হিচাপে বৰাক উপত্যকাতো ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। কিন্তু তেতিয়াই বৰাকৰ বাঙালী সকলে তেওঁলোকৰ ওপৰত অসমীয়া ভাষাটোক জাপি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে আৰু এই উদ্দেশ্যে ১৯৬১ চনৰে ৫ ফেব্ৰুৱাৰী দিনটোত 'কাছাৰ গণ সংগ্ৰাম পৰিসদ' নামৰ এটা সংগঠন গঠন কৰে। এই সংগঠনৰ নেতৃত্বতেই গোটেই বৰাক উপত্যকা সামৰি এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু আন্দোলন গঢ়ি উঠে। উপত্যকাৰ বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মচাৰী, ব্যৱসায়ী, কৃষক তথা সমাজৰ সকলো স্তৰৰ মানুহ এই আন্দোলনত জঁপিয়াই পৰে। কা: গ: স: প:ৰ আহ্বানত ১৯৬১ চনৰ ১৯ মে'ত গোটেই বৰাক উপত্যকাত হৰতাল আৰু পিকেটিং আৰম্ভ হয়। ইয়াৰে অংশ হিচাপে শিলচৰ ৰেল ষ্টেচনত সেই দিনটোৰ পুৱাৰে পৰা হেজাৰ হেজাৰ পিকেটিংকাৰী একত্ৰিত হবলৈ আৰম্ভ কৰে। চহৰৰ আন কোনোবা ঠাইত পুৱাৰে পৰা শান্তিপূৰ্ণ ভাবে আন্দোলন কৰি থকা কেইজনমান সত্যাগ্ৰহীক পুলিচে গ্ৰেপ্তাৰ কৰি তাৰপুৰস্থ এই ৰেল ষ্টেচনৰ সন্মুখেদি এখন ট্ৰাকত উঠাই লৈ যোৱা দেখি ষ্টেচনত থকা আন্দোলনকাৰী সকল ক্ষোভত জ্বলি উঠে আৰু এই ক্ষোভে কিছু উগ্ৰৰূপ ধাৰণ কৰে । তেওঁলোকে প্ৰথমে ট্ৰাকত আক্ৰমণ চলায় আৰু ট্ৰাকখনত অগ্নি সংযোগ কৰি দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱা দেখি আৰক্ষীয়ে নিৰস্ত্ৰ আন্দোলনকাৰী সকলৰ ওপৰত জঁপিয়াই পৰে, লাঠী চালনা কৰে আৰু সৰ্বশেষত নিৰ্বিচাৰ গুলীবর্ষণ কৰে। এই ঘটনাত অতিকৈ দুখজনক ভাবে ১১ গৰাকী নিৰপৰাধী আন্দোলনকাৰীয়ে মাতৃভাষাৰ অহংকাৰ আৰু মর্যাদা ৰক্ষাৰ খাতিৰত প্ৰাণ আহুতি দি শ্বহীদত্ব বৰণ কৰে। কানাইলাল নিয়োগি, চন্দীচৰণ সূত্ৰধৰ, হিতেশ বিশ্বাস, সত্যেন্দ্ৰ দেৱ, কুমুদ ৰঞ্জন দাস, সুনিল সৰকাৰ, শচীন্দ্ৰ চন্দ্ৰ পাল, বিৰেন্দ্ৰ সূত্ৰ্ধৰ, সুকমল পুৰকায়স্থ, কমলা ভট্টচাৰ্য্য আৰু তৰণি দেৱনাথ, সমাজৰ সাধাৰণ নাগৰিক কিন্তু নিজ মাতৃভাষাক অত্যধিক ভাবে ভালপোৱা এই ১১ গৰাকীয়ে চিৰকালৰ বাবে কায়িক ভাবে পৃথিৱী এৰি গৈছিল যদিয়ো তেওঁলোকে বৰাকবাসীক নিজৰ আইৰ ভাষাক লৈ গৰ্ব কৰাৰ বহুতো কাৰণ আৰু সুযোগ দি গৈছিল। এই ঘটনাৰ পাছতে অসম চৰকাৰে বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়। যি ১১ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত এই ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল তেওঁলোকৰে স্মৃতিত শিলচৰ ষ্টেচনক 'ভাষা শ্বহীদ ষ্টেচন' নামেৰে নামকৰণ কৰা হয়। আজি প্ৰত্যেক বছৰে এই ১৯ মে'ৰ দিনটো সমগ্ৰ বৰাক উপত্যকাৰ লগতে ভাৰতৰ অন্যান্য বাংলাভাষী ৰাজ্য আৰু অঞ্চলত 'ভাষা শ্বহীদ দিৱস' হিচাপে পালন কৰা হয়।
কিন্তু দুখৰ কথা আজি ব্রহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাকতো ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণৰ বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। গাঁওৰ বিদ্যালয়বোৰ বাদ দিলেতো চহৰীয়া বাংলা মাধ্যমৰ স্কুল বিলাকৰ অৱস্থা তথৈবচ! ১১ ভাষা শ্বহীদৰ বলিদানে গৌৰৱোজ্জ্বল কৰি যোৱা বাংলা ভাষাৰ অস্তিতয়ো আজি তাত সংশয়ৰ গৰাহঁত। তথাপি এচাম ভাষা প্ৰেমীয়ে দিনে ৰাতিয়ে উপত্যকাত বাংলা ভাষা আৰু সাহিত্যক জীয়াই ৰাখিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে। এতিয়া ভাৱকচোন বৰাকবাসীয়েই বা কেনেকৈ নিজৰ গৌৰৱ, নিজৰ সন্মান, নিজৰ আইৰ মুখৰ ভাষাক এৰি আন কোনো ভাষা গ্ৰহণ কৰিব পাৰে! মোৰ বোধেৰে আমি সকলো ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিজ নিজ মাতৃভাষাৰ প্ৰতি দ্বায়বদ্ধ থকাটোৱেই আজিৰ দিনত সকলোৰে বাবে মঙ্গলময়। (ব্যক্তিগত ভাবে মই বৰাকত 'চিলেটি ভাষী' সকল সংখ্যা গৰিষ্ঠ বুলি কম, কিয়নো মই দেখাত তাত সৰহ সংখ্যক মানুহেই চিলেটিত কথা পাতে। আনহাতে চিলেটি ভাষাটো কোনো ভাষাৰেই উপভাষা নহয় আৰু এই ভাষাৰ সৈতে বাংলা আৰু অসমীয়া দুই ভাষাৰে মিল দেখা পোৱা যায়। আনহাতে চিলেটি ভাষাটোক ইতিমধ্যে ইউনেস্কোয়ে ইউনিকোড প্ৰদান কৰি এটা পৃথক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। কিন্তু সামগ্ৰিক ভাৱে বৰাকৰ চিলেটি সকলে বাংলা ভাষাটোকে প্ৰধান ভাষা হিচাপে গ্ৰহণ কৰি নিজকে প্ৰথমে 'বাঙালী' বুলি পৰিচয় দি ভাল পায়। মোৰ দৰে মাতৃভাষা চিলেটি বুলি কোৱা লোক হয়তো খুব কম ওলাব!!😢) 🖋 পৃথ্বীৰাজ পুৰকায়স্থ (ফটো সৌজন্য- গুগল)

Wednesday, February 21, 2018

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু চিলেটি ভাষাৰ প্ৰাসংগিকতা

আজি ২১ ফেব্ৰুৱাৰী, আন্তৰ্জাতিক মাতৃভাষা দিৱস। ১৯৪৮ চনত পাকিস্তান চৰকাৰে পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ত চৰকাৰী ভাষা হিচাপে উৰ্দুৰ প্ৰচলন ঘোষণা কৰে। ইয়াতে জাঙুৰ খাই উঠে বাংলাভাষী পূব পাকিস্তানৰ নাগৰিক সকল আৰু জ্বলিবলৈ ধৰে বিদ্ৰোহৰ জুই।১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত পাকিস্তান চৰকাৰৰ এই এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজপথত ওলাই অহা ঢাকা বিশ্ববিদ্যালয়ৰ কেইবাজনো আন্দোলনকাৰী ছাত্ৰ আৰক্ষীৰ গুলীত নিহত হয় যাৰ ফলত এই ভাষা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে। এই আন্দোলনৰ ওচৰত শেষ পৰ্যন্ত পৰাজয় স্বীকাৰ কৰি পাকিস্তান চৰকাৰে বাংলা ভাষাক পূৱ পাকিস্তানৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ে। পাছত বাংলাদেশৰ সেই বিখ্যাত ভাষা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ ইউনেস্কই ১৯৯৯ চনত বিশ্বত মাতৃভাষাৰ ব্যাপক প্ৰসাৰৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আপোন আইৰ মুখেৰে ওলাই অহা ভাষা, চিৰ চেনেহী মাতৃভাষা। আই মাতৃক যেনেদৰে কোনোপধ্যেই ঘৃণা কৰিব নোৱাৰি, ঠিক একেদৰে মায়ে কোৱা ভাষা আমাৰ প্ৰত্যেকৰে হিয়াৰ আমঠু, প্ৰাণতকৈ অধিক প্রিয়। আজিৰ এই ঐতিহাসিক দিনটোত মই গৰ্বেৰে কৱ খোজো যে মই এজন চিলটি, আৰু মোৰ মাতৃভাষা চিলেটি। কাৰণ মোৰ মায়ে এই ভাষাতে মোক নিচুকনি গীত শুনাইছিল, আমাৰ কাণত পোনপ্ৰথম চিলেটি শব্দয়েই সোমাইছিল আৰু আমাৰ জীৱনত ভাষাৰ আদি পাঠ এই চিলেটিতে। কালক্ৰমে যদিও আমি বাংলা ভাষা আৰু অসমীয়া ভাষা অধিক ব্যৱহাৰ কৰিছো, তথাপি নিজ মাতৃ ভাষা চিলেটিক স্বগৃহত জীয়াই ৰাখিছোঁ স্বসন্মানে।
'চিলেটি এটি স্বতন্ত্ৰ ভাষা, ই কোনো অন্য ভাষাৰ উপভাষা নহয়'। কথাষাৰ কোৱাৰ লগে লগে বহুতে হয়তো ভাবিব পাৰে আকৌ এক ভাষা ভিত্তিক বিভাজনৰ সৃষ্টি কৰাৰ অপচেষ্টা চলাইছো। কিন্তু এইয়া সম্পূৰ্ণ মোৰ ব্যক্তিগত অনুভৱৰ অভিব্যক্তি মাথো আৰু এনে মতাদৰ্শ পোষণ কৰাৰ যথেষ্ট সমল আছে। কিয়নো বিশ্বত প্ৰায় ১১ মিলিয়ন লোকে চিলেটিত মাতবোল কৰে। এই ভাষাৰ নিজা বৰ্ণমালা আছে যাক 'চিলেটি নাগৰি' ( ꠡꠤꠟꠦꠐꠤ ꠘꠣꠉꠞꠤ) বুলি কোৱা হয়। কোৱা হয় মাত্ৰ আঢ়ৈ দিনতে শিকিব পাৰি এই নাগৰি। নাগৰিৰ আখৰ ৩৩ টা, ইয়াৰে ৫ তা স্বৰবৰ্ণ আৰু ২৮ টা ব্যঞ্জনবৰ্ণ। চিলেটিত অকল 'ও' ব্যৱহাৰ কৰা হয়, আৰু য়, অ-ৰ ব্যৱহাৰ ইয়াত নাই। ঠিক তেনেদৰে এই ভাষাৰ শ, ষ আৰু স হিচাপে অকল 'শ' ব্যৱহাৰ হয়। চিলেটিত 'শ' উচ্চাৰণ 'হ' হিচাপে কৰা হয়। চিলেটি নাগৰি লিপিৰ ব্যৱহাৰ এসময়ত খুব হৈছিল যদিয়ো কালক্ৰমে বাংলা লিপি আৰু ভাষাৰ প্ৰভাৱত ইয়াৰ স্বকীয়তা হেৰোৱাব ধৰে আৰু এই কাৰণতে বহুতে ইয়াক বাংলাৰ উপভাষা বুলি কব খোজে। চিলেটি ভাষাত বাংলাৰ প্ৰভাৱ অতি বেছি, আৰু বৰ্তমানে এই ভাষাক লেখিবলৈ বাংলা বৰ্ণমালাই ব্যৱহাৰ হৈ আহিছে। আনকি বাংলা লিপি ব্যৱহাৰ কৰিয়েই চিলেটিত ৰামায়ণৰ অনুবাদলৈকে হৈছে, কবিতা পুথি আদি প্ৰকাশ পাইছে। আচলতে চিলটি সকল এই অসমৰে ভূমিপুত্ৰ। আদি যুগত চিলেটি ভাষী অধ্যুষিত অঞ্চল মানে অবিভিক্ত চিলেট কিন্তু অসমৰে অংগ আছিল । কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বত শ্ৰীহট্ট (চিলেটৰ পূৰ্বৰ নাম) কামৰূপৰ অংশ আছিল৷ এই শ্ৰীহট্ট বা চিলেট ১৮৭৪ চনত অসম প্ৰদেশৰ অধীন হৈছিল আৰু মাজৰ বংগ ভংগৰ ৬ বছৰ বাদ দি দেশবিভাজনলৈকে চিলেট অসমৰ সৈতে আছিল৷ স্বাধীনতাৰ সময়ত চিলেটক লৈ তীব্ৰ বাদানুবাদ হৈছিল৷ যিহেতু অসম পাকিস্তানৰ সৈতে চামিল হোৱা নাছিল, সেয়েহে চিলেটো হব নালাগিছিল৷ পিছে মুছলিম অধ্যুষিত এক বৃহৎ জিলা হিচাপে চিলেটক লৈ দৰদাম আৰম্ভ হৈছিল আৰু গণভোটৰ পিছত চিলেটৰ পয়ত্ৰিশখন থানাৰ চাৰেতিনি থানা ভাৰতৰ লগত (বৰ্তমান কৰিমগঞ্জ) আৰু বাকী অঞ্চল পুৱ পাকিস্তানৰ সৈতে 'চিলেট' নাম লৈ অন্তৰ্ভূক্ত হৈছিল৷ সেয়েহে এই ভাষাৰ উচ্চাৰণত অসমীয়া ভাষাৰ সৈতে অনেক মিল দেখা পোৱা যায় আৰু চিলেটি ভাষাৰ বহুতো শব্দ অসমীয়া শব্দৰ সৈতে একেবাৰে একেই। উদাহৰণ স্বৰূপে কব পাৰি অসমীয়াত 'বিচনী' চিলেটিত 'বিচৈন', উৰহী=উৰি, নিজান= নিজান, পাহৰি যোৱা= পাউৰী যাওয়া, গুৱা= গুৱা, আচৰিত= আচৰিত, আহুকাল = আউকাল, সঁচাকথা = হাচাকথা... ইত্যাদি বহুতো। এই ভাষাৰ শব্দবিন্যাশ আৰু উচ্চাৰণতো বাংলাতকৈ অসমীয়া ভাষাৰ উচ্চাৰণৰ সৈতেহে বহু মিল দেখা পোৱা যায়।
চিলেটি ভাষাৰ সামঞ্জস্য বাংলা আৰু অসমীয়া দুয়োৰে সৈতে থাকিলেও এই ভাষা এটা সম্পূৰ্ণ পৃথক ভাষা আৰু সেয়েহে চিলেটি ভাষাক ইউনেস্কোই ২০০৫ চনত আন্তৰ্জাতিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে। ইউনিকোড প্ৰাপ্ত ভাষা চিলেটি। পলমকৈ হলেও আজি বিশ্বৰ বিভিন্ন ঠাইত এই ভাষাৰ ওপৰত আকৌ গৱেষণা আদি আৰম্ভ হৈছে, আৰু চিলেটি সকলে আপোন মাতৃভাষাক আকোৱালি লৈছে, গৰ্ব বোধ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বৰ্তমান বাংলাদেশৰ চিলেট, অসমৰ বৰাক উপত্যকাৰ লগতে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত এই ভাষাৰ ওপৰত গৱেষণা, চৰ্চা আদি আৰম্ভ হৈছে। ইংলেণ্ড, ফ্ৰান্স আদি দেশৰ বিভিন্ন বিশ্ববিদ্যালয়তো চিলেটি ভাষা আৰু নাগৰি লিপি সম্পৰ্কে গৱেষণা, অধ্যয়ন চলি আছে, বহুতে এই ভাষাৰ গৱেষণা কৰি পি এইচ ডি লাভ কৰিছে। নাগৰি ভাষাত শিলালিপি লৈকে আবিষ্কাৰ হৈছে আৰু ফ্ৰান্সৰ চৰকাৰী ভাষা যাদুঘৰত 'চিলেটি' ভাষাই স্থান পাইছে। চিলেটিত প্ৰকাশিত হৈ আছে নানান গ্ৰন্থ,পত্ৰিকা। আনকি তথ্য প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ যুগত চিলেটি নাগৰি ভাষাত টাইপ কৰিব পৰাকৈ কি বৰ্ড, মোবাইল এন্দ্ৰইড এপ আদিলৈকে সংযোজন হৈছে। অসমৰ সমাজ জীৱনতো চিলেটি সকলৰ অৱদান যথেষ্ট। লাল-বাল-পাল খ্যাত বিপিন চন্দ্ৰ পালো চিলেটি আছিল। নৱ ভাৰতৰ বৈষ্ণৱ আন্দোলনৰ বাটকটীয়া শ্ৰী চৈতন্য দেৱো চিলেটৰ আছিল। শ্রদ্ধেয় হেমাঙ্গ বিশ্বাস এজন চিলেটি আছিল। সদ্য প্ৰয়াত লোকসঙ্গীত গৱেষক আৰু প্ৰখ্যাত সংগীত শিল্পী কালিকাপ্ৰসাদ ভট্টাচাৰ্য চিলেটি আছিল। দুবছৰমান পূৰ্বে গুৱাহাটীত অনুষ্ঠিত 'চিলেটি সম্মেলন'ত অংশগ্ৰহণ কৰি অভিভূত হৈ শ্ৰদ্ধেয় কনকসেন ডেকাদেৱে দৈনিক অগ্ৰদূত কাকতত লেখা এক প্ৰবন্ধত উল্লেখ কৰিছে- 'চিলেট সম্পৰ্কে এটি প্ৰবাদ আছে: সকলোতে উত্তম, মাধ্যম আৰু নীচ লোক আছে, পিছে চিলেট(শ্ৰীহট্ট)ত উত্তমেই অধিক৷ ....' তেখেতে আৰু উল্লেখ কৰিছে- 'অসম বিধান সভাৰ প্ৰথমজন স্পীকাৰ বসন্ত দাস চিলেটি আছিল৷ শ্বিলঙত অসমৰ ৰাজধানী থকালৈকে সচিবালয়ৰ গুৰুত্বপুৰ্ণ পদবীবোৰত চিলেটি মানুহৰ আধিপত্য আছিল৷ বিত্তৰ দৰে জটিল বিষয়ৰ সমাধানত চিলেটি আগৰণুৱা আছিল৷' আজিয়ো অসমৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চিলেটি সকলে ঘৰুৱা জীৱনত মাতৃভাষা চিলেটিক সংৰক্ষণ কৰি হলেও ৰাজহুৱা জীৱনত অসমীয়াক আকোৱালী লৈছে। সকলোলৈ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আন্তৰিক অভিনন্দন। মাতৃভাষাক জীয়াই ৰখাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ, আহক আমি নিজ নিজ ভাষা জননীক জীয়াই ৰখাত ব্ৰতী হওঁ আৰু লগতে অন্যান্য সকলো ভাষাৰ প্ৰতি শ্রদ্ধাশীল হওঁ। - পৃথ্বীৰাজ পুৰকায়স্থ ( ꠙৃꠕ꠆ꠛꠤꠞꠣꠎ ꠙꠥꠞꠇꠣꠅꠡ꠆ꠕ)

Wednesday, January 21, 2015

Rainsoft Calender 2015- Featured the "Forest Man of India"



Received my copy of 7th edition of RainSoft Calendar for year 2015, also known as Utpal-Dhanjeet calendar. This year the theme of this calender is Jadav Payeng, a conservationist and the "Forest Man of India" who hails from Kokilamukh area of Jorhat. Payeng is today honoured and recognized around the world for his extraordinary environment conservation effort as he single handily turned a flood hit sandbar on the banks of river Brahmaputra into a deep forest by planting trees. 

Today this 550 acres forest, full of flora and fauna, is known as Molai Kathoni (Molai's Woods), named after Jadav's nick name. The Utpal-Dhanjeet calender is a series of wonderful thematic calendar published in join venture by Utpal Datta and Dhanjeet Das. 


Earlier this calender featured eminent personalities of Assam like Homen Borgohain, Biren Dutta, Dipali Borthakur, Nilpawan Baruah, Birubala Rabha and heritage of Assam like Satriya Dance and Dima Hasao District.